গোৱালপাৰাঃ হত্যাকাৰীক আটক কৰাৰ দাবীত গোৱালপাৰাৰ জলেশ্বৰ আৰক্ষী থানা ঘেৰাও কৰি আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৫ শতাধিক লোকে৷ যোৱা বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ জলেশ্বৰ আৰক্ষী চকীৰ অন্তৰ্গত তাৰিয়াৰভিটা গাঁৱৰ হবিবৰ ৰহমান নামৰ লোক এজনক দূৰ্বৃত্তই হত্যা কৰি মৃতদেহত শিল বান্ধি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিছিল৷

মৃতদেহটো মাছমৰিয়াৰ জালত লাগি উদ্ধাৰ হৈছিল৷ চাৰিদিন পাৰ হৈ যোৱাৰ পিছতো হত্যাকাৰীক জলেশ্বৰ আৰক্ষীয়ে আটক কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীয়ে জলেশ্বৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত নকৰা বুলি অভিযোগ কৰে৷

হত্যাকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তীৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে৷ প্ৰায় পাঁচ শতাধিক লোকে জলেশ্বৰ আৰক্ষী চকী ঘেৰাও কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক, হত্যাকাৰীক ৰক্ষণা-বেক্ষণ দিয়া নচলিব, অসম পুলিচ হায় হায়, ঘোচ খোৱা নচলিব, আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে৷