
দলংঘাটঃ অধ্যক্ষৰ বিৰুদ্ধে ৰাজপথত আন্দোলনত নামিল কলাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ১৬ অক্টোবৰত মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা নিৰ্বাচনক কেন্দ্ৰ কৰি অধ্যক্ষৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে৷ নিৰ্বাচনত অধ্যক্ষগৰাকীয়ে নিজ পচন্দক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে মঙলবাৰে অধ্যক্ষ গৰাকীয়ে কলেজ বন্ধ বুলি ঘোষণা কৰাৰ লৈ ক্ষুব্ধ হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল৷
উল্লেখ্য যে, মঙলবাৰে কোনো চৰকাৰী বন্ধ নথকা স্বত্বেও অধ্যক্ষ গৰাকীয়ে নিজ ইচ্ছাৰে কলেজ বন্ধ ঘোষণা কৰে৷ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মৰ্মে অধ্যক্ষ অৰবিন্দ দাসে পূৰ্বতেও মহাবিদ্যালয়খন নিজ খেয়াল খুচি মতে চলাই আহিছে৷ নাৰী কেলেংকাৰীৰ সতে জড়িত বুলি অভিযোগ থকা অৰবিন্দ দাসে মহাবিদ্যালত বিভিন্ন অসামাজিক কাম সংঘটিত কৰাৰো গুৰুতৰ অভিযোগ তুলে ছাত্ৰ-ছাত্ৰীয়ে৷
যাৰ প্ৰতিবাদত আজি ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি পথ আগুৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ছাত্ৰ-ছাত্ৰী সকলে অধ্যক্ষ অৰবিন্দ দাসৰ বিৰুদ্ধে কলাইগাঁও ৰাজহ চক্ৰ বিষয়ালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰে৷