
মঙলদৈঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে ন’ ন’ পন্থা অৱলম্বন কৰি আহিছে যদিও একাংশ বিষয়া-কৰ্মচাৰী, পঞ্চায়তৰ সভাপতিয়ে আজিও দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
চৰকাৰে দেখুওৱা ভয়ক কেৰেপ নকৰা একাংশ লোকে দুৰ্নীতিৰ টকা খাবলৈ আজিও মুখ মেলি থাকে৷ টকা নিদিলে আজিও ইখন টেবুলৰ পৰা সিখন টেবুললৈ নাযায় ফাইল৷
সাধৰণ লোকে আজিও ৰাজ্যৰ বহু কাৰ্যালয়ত টকা দি কাম কৰিব লগা হয়৷ টকা নিদিলে দিনৰ পাছত দিন ধৰি ৰৈ থাকে ফাইল৷
ইয়াৰ মাজতে ৯ লাখ টকাৰ কাম আৱন্টন দিয়া আৰু বিল আদায় দিয়াৰ নামত ১ লাখ টকা বিচৰা বুলি অভিযোগ উত্থাপন হৈছে এগৰাকী পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে৷ দৰং জিলাৰ ডাঁহী পঞ্চায়তৰ সভাপতি কৰ্মেশ্বৰ বৰুৱাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে পাপু কলিতা আৰু ৰূপেন কলিতা নামৰ দুজন যুৱকে৷
মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডাঁহী পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আজি একাংশ ক্ষোভিত যুৱকে পঞ্চায়ত কাৰ্যালয়টোত তলা ওলোমাই দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনায়৷
যুৱকসকলে তেওলোকৰ পৰা সভাপতিগৰাকীয়ে ৯ লাখ টকাৰ কামৰ বাবদ ১ লাখ টকা আদায় লোৱা বুলি অভিযোগ কৰে৷ ডাঁহী পঞ্চায়তত ক্ষুদ্ধ যুৱকসকলে আজি কাৰ্যালয়টোত তলা ওলোমাই প্ৰতিবাদ সাব্যস্ত কৰে৷
ক্ষুদ্ধ যুৱকসকলে পুনৰাই টকা বিচৰাত ক্ষোভিত হৈ তলা ওলোমাই দিয়া বুলি প্ৰকাশ কৰে৷ আনহাতে পঞ্চায়ত কাৰ্যালয়ত সভাপতিজন উপস্থিত হোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। একাংশ উত্তেজিত লোকে সভাপতিৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।