তেজপুৰঃ ত্ৰিপুৰাৰ দিন ৰাত নামৰ টিভি চেনেলৰ সাংবাদিক শান্তনু ভৌমিকক বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত নৃশংস ভাৱে হত্যা কৰা হৈছিল৷ সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পাছতেই শান্তনু ভৌমিক নামৰ টিভি সাংবাদিক গৰাকীৰ হত্যাত এতিয়া সমগ্ৰ দেশজুৰি জ্বলিছে প্ৰতিবাদৰ জুই৷

অসমৰো বিভিন্ন দল-সংগঠন আৰু সংবাদ মাধ্যমৰ সতে জড়িত লোক সকলে এি হত্যাকাণ্ডক তীব্ৰ গৰিহণা দি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ আজি তেজপুৰতো সাংবাদিক হত্যাকাণ্ডৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

তেজপুৰৰ তিনি সাংবাদিক সংগঠন জাৰ্নেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ বিষয়ববীয়া সকলে তীব্ৰ গৰিহণা দি তেজপুৰ চহৰৰ মাজমজিয়াৰে প্ৰতিবাদী সমদল কৰি জিলা উপাযুক্ত মনোজ কুমাৰ ডেকাৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।