তেজপুৰঃ দেশত এটাৰ পাছত এটা সাংবাদিক হত্যাৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সংবাদ মাধ্যমৰ সতে জড়িত লোক সকলক৷ যাৰ ফলত সমগ্ৰ দেশ জুলি উঠিছে প্ৰতিবাদৰ জোৱাৰ৷

সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে সাংবাদিক সকলে সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷ সাংবাদিক সকলক সুৰক্ষা প্ৰদানৰ দাবীত সাংবাদ কৰ্মী সকল উটি পৰি লগা পৰিলক্ষিত হৈছে৷

আজি সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত তেজপুৰতো সাংবাদিক তিনি সংগঠনে লগ লাগি প্ৰতিবাদী সমদল উলিয়াই সাংবাদিক হত্যাৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

তেজপুৰৰ তিনিটা সংগঠন শোনিতপুৰ জানেলিষ্ট ইউনিয়ন, তেজপুৰ সাংবাদিক সন্থা আৰু শোনিতপুৰ প্ৰেছ ক্লাৱৰ প্ৰায় ডেৰশতাধিক সাংবাদকৰ্মীয়ে আজি সাংবদিক হত্যাৰ প্ৰতিবাদ জনাই তেজপুৰ চহৰৰ মাজ মজিয়াৰে এক সমদল কাৰ্যসূচী বাহিৰ কৰে৷