
ধেমাজিঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিয়ে বিগত সময়চোৱাত ছাত্র-ছাত্ৰীৰ মৌলিক সমস্যাবোৰৰ সমাধানসূত্ৰে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে। বৰ্তমান সকলোতকৈ উদ্বেগৰ কথাটো হৈছে যে ধেমাজিৰ নগৰৰ মাজমজিয়াত কোনো প্ৰচলিত নীতি-নিয়ম নমনাকৈ জনবসতিপূৰ্ণ এলেকাত অবৈধ ভাৱে গঢ়ি উঠিছে বহিৰাগত গৌতম বেৰিয়া মালিকাধীন বজৰং ৰাইচ মিল।
যাৰ ফলশ্ৰুতিত অঞ্চলটোলৈ কঢ়িয়াই আনিছে ব্যাপক ভাবুকি। পৰিতাপৰ কথা এয়া যে সেই অঞ্চলৰ জনসাধাৰণে বৰ্তমান বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু সেই অবৈধ মিল বনাই থকা অঞ্চলটোৰ ওচৰতে একাধিক চৰকাৰী কাৰ্যালয় আৰু বহুকেইখন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় আছে। তাৰ পাছতো আশ্চৰ্যজনক ভাৱে ধেমাজি জিলা প্ৰশাসনৰ সম্মুখতে গঢ় লৈ উঠিছে এই অবৈধ উদ্যোগটো।
ইয়াৰ বিৰুদ্ধে আজি ধেমাজি নগৰৰ স্থানীয় ৰাইজৰ লগতে গৰজি উঠে ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতি। আজি কাৰ্যসূচীত ধেমাজিৰ নগৰ অঞ্চলৰ সহশ্ৰাধিক লোকৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, ধেমাজি জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি যুগল গগৈ আৰু সম্পাদকদ্বয় ৰুদ্ৰ ভূঞা, হিল্লোৰাজ বুঢ়াগোহাঁই, মন্টু কাৰদং আৰু প্ৰচাৰ সম্পাদক পৱিত্ৰ কলিতাই অংশগ্ৰহণ কৰে।