ঢেকীয়াজুলিঃ অসম চৰকাৰ মুৰ্দাবাদ, জলসম্পদ বিভাগ হুছিয়াৰ, মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়৷ শোনিতপুৰৰ মিছামাৰীৰ বঙালগাঁও বাসীয়ে আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ নেতৃ্ত্বত গাভৰু নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল কৰ তুলিলে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়৷ 

আজি তিনি শতাধিক গাভৰু নৈৰ খহনীয়াত আক্ৰান্ত লোকে ঠেলামৰাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত সমদল কৰি আহি ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল কৰি তোলে৷

প্ৰতিবাদী ৰাইজে হাতে-হাতে বেনাৰ-পোষ্টাৰ-প্লেকাৰ্ড আদি লৈ মিছামাৰীৰ বঙালগাঁৱত গাভৰু নৈৰ খহনীয়া স্থায়ী সমাধান কৰক, গাভৰু নৈৰ খহনীয়াৰ পৰা বঙালগাঁও, ঠেকেৰাজুলি গাঁৱক ৰক্ষা কৰক, খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপুৰণ দিয়ক, মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, জলসম্পদ বিভাগ পৰিচালনাত ব্যৰ্থ হোৱা মন্ত্ৰী কেশৱ মহন্ত হুছিয়াৰ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে, মিছামাৰীৰ বঙালগাঁও গাভৰু নৈৰ খহনীয়াই বিস্তৰ ক্ষতি সাধান কৰাৰ লগতে বহু লোকৰ ঘৰ দুৱাৰ উচন কৰাৰ পিছতো ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে বৰ্তমানলৈকে ইয়াত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ গাভৰু নৈৰ খহনীয়াৰ কবলত পৰিছে বঙাল গাঁওখনৰ লগতে ঠেকেৰাজুলি প্ৰাথমিক বিদ্যালয় আৰু মিছামাৰী-ঠেলামৰা সংযোগী পথটিও৷ 

গাভৰু নৈৰ খহনীয়াত মিছামাৰীৰ বঙালগাঁওখন জাহ যোৱাৰ উপক্ৰম হৈছে৷ এই ক্ষেত্ৰত জলসম্পদ বিভাগ আৰু স্থানীয় বিধায়কে বৰ্তমানলৈকে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি ইয়াৰ ৰাইজে ক্ষোভিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি খহনীয়া প্ৰতিৰোধৰ দাবী জনায়৷ 

ইপিনে উক্ত প্ৰতিবাদী কৰ্যসূচীৰ নেতৃত্ব দিয়া কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ মুখ্য আহবায়ক প্ৰশান্ত বৈশ্যই সাংবাদিকৰ ওচৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে বিগত ১৫বছৰ ধৰি শোনিতপুৰৰ মিছামাৰীৰ বঙালগাঁৱত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা গাভৰু নৈয়ে খহনীয়া অব্যাহত ৰখাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ 

শেহতীয়াকৈ গাভৰু নৈৰ খহনীয়াত বঙালগাঁও খন জাহ যোৱাৰ উপক্ৰম ঘটাৰ পাছতো বিয়াগোম জলসম্পদ বিভাগৰ গা লৰা নাই৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক অশোক সিংহালে কোনো ধৰণৰ ভূমিকা নোলোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতা জনে৷ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে শীঘ্ৰে ইয়াৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰক দাবী জনায়৷ 

ইফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হোৱা ঠেলামৰা ৰাজহ চক্ৰ বিষয়া লক্ষ্যজিৎ দাসৰ জৰিয়তে ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু জলসম্পদ বিভাগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷