
নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কামৰূপ জিলা সংযোগী নলবাৰী মৰোৱা-কমলপুৰ পথৰ দুৰাৱস্থাৰ বাতৰি ইতিমধ্যে কেইবাবাৰো প্ৰচাৰিত হোৱাৰ পাছতো গা নলৰা গড়কাপ্তানী বিভাগটোৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে৷
দেহাৰকুছি চ’কত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতটোৰ বাবে এতিয়া প্ৰতিদিন যাতায়ত কৰা শ শ যাত্ৰী আৰু যান-বাহন দুৰ্ঘটনাত পতিত হ’বলগীয়াত পৰিছে৷ যাৰ বাবে আজি আঞ্চলটোৰ ৰাইজে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে পথৰ মাজত ভুঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷
তদুপৰি এই ডিমু-বাহাৰঘাট সংযোগী পথচোৱা মাত্ৰ ৯ কিঃমি হোৱা স্বত্বেও টেম্পো, অ’টো আদিত যাবলৈ একঘণ্টা সময় লাগে যাৰ ফলত যাত্ৰীসকলৰ কষ্টই চৰমসীমা অতিক্ৰম কৰিছে। চৰকাৰ আৰু এই বিয়াগোম বিভাগটোৱে আগন্তুক দূৰ্গা পূজাৰ আগত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তুলিব বুলি স্থানীয় ৰাইজে সকিয়নী প্ৰদান কৰে৷