গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত গোৰেশ্বৰৰ চহৰৰ মাজমজিয়া সংঘটিত ঘৰুৱা শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন আতিশয্যৰ ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। যোৱা ২ অক্টোবৰত গোৰেশ্বৰৰ এগৰাকী ব্যৱসায়ীৰ ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ কন্যাক ঘৰুৱা শিক্ষক এগৰাকীয়ে চলোৱা যৌন আতিশয্যাৰ ঘটনাৰ পিছত মাতৃয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ 

তাৰ প্ৰতিবাদত আজি গোৰেশ্বৰ থানাত বিভিন্ন দল-সংগঠনৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে থানা চৌহদ ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। মঙলবাৰে ছাত্ৰী গৰাকীৰ মাতৃয়ে অভিযুক্ত শিক্ষক গোৰেশ্বৰ ৰেল ক'লনি নিবাসী ফিদ্দুছ ৰহমানৰ বিৰুদ্ধে তেওঁৰ ন বছৰীয়া কন্যা সন্তানক যৌন আতিশয্য চলোৱা বুলি এজাহাৰ যোগে অভিযোগ দাখিল কৰিছিল।

ছবি শিকিবৰ বাবে ঘৰুৱা শিক্ষক হিচাপে নিযুক্ত ফিদ্দুছ ৰহমানে ঘৰত কোনো নথকাৰ সুযোগ লৈ শিক্ষক গৰাকীয়ে ছাত্ৰী গৰাকীৰ গুপ্তাংগত হাত দিয়াৰ লগতে যৌন আতিশয্য চলায়। এই বিষয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতো ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে বিষয়টোত গুৰুত্ব নিদি মীমাংসা কৰাৰহে পৰামর্শ দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভূগী পৰিয়ালটোৱে।

আজি পুৱা প্ৰায় ১০ বজাত এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী সমদল উলিয়ায়। গোৰেশ্বৰ আঞ্চলিক আছু, আক্ৰাছু, শৰণীয়া-কচাৰী ছাত্ৰ সন্থা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু গোৰেশ্বৰ শাখা মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত শতাধিক ৰাইজ আৰু ৰেইনব’ ইংলিছ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এই সমদলত ভাগ লয়। প্ৰতিবাদীকাৰী সকলে ফিদ্দুছ ৰহমানক গ্ৰেপ্তাৰ কৰক, লম্পট শিক্ষকক শাস্তি দিয়ক আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে৷

ইপিনে মঙলবাৰে ভুক্তভূগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত সঠিক তথ্য জানিবলৈ যাওঁতে অভিযুক্তৰ ভাতৃ গৰাকীয়ে তেওঁলোকক ওলটাই তৰ্জন-গৰ্জন কৰা আৰু ঘটনা সম্পৰ্কত আইনী সহায় নল’বলৈ ভাবুকি প্ৰদান কৰা ঘটনাৰো প্ৰতিক্ৰিয়া অব্যাহত আছে। এই ঘটনাক তীব্ৰ গৰিহণা দি দল-সংগঠনসমূহে শিক্ষকতাৰ দৰে মহৎ বৃত্তিত জড়িত থাকিও এনে নীচ কৰ্মত লিপ্ত শিক্ষকগৰাকীক অহা বাৰ ঘন্টাৰ ভিতৰত কৰায়ত্ত কৰিবলৈ দাবী জনাইছে। অন্যথা তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে।