অভয়াপুৰীঃ ছাত্ৰ-ছাত্ৰীৰ পৰা বৰ্ধিত ভাড়া লোৱাত উত্তাল হৈ পৰিছে অভয়াপুৰী৷ টেম্প’ আৰু মেজিক চালকে শিক্ষাৰ্থীৰ পৰা অধিক ভাড়া লোৱাৰ প্ৰতিবাদত সোমবাৰে ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিছিল৷

কিন্তু তাৰ পাছতেই আজি পৰিলক্ষিত হ’ল টেম্প চালকৰ দৌৰাত্ম৷ কলেজীয়া ছাত্ৰ-ছাত্ৰীক গাড়ীত উঠিব নিদি কলেজলৈ যোৱাত বাধা প্ৰদান কৰে টেম্প চালকসকলে৷

টেম্প চালকৰ এনে মইমতালিৰ বাবে আজি অভয়াপুৰী অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে কলেজলৈ যাব নোৱাৰাত অঞ্চলটোত আজি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷