
অভয়াপুৰীঃ বৰবিহ নিৰমূলকৰণৰ প্ৰতিবাদত আজি অভয়াপুৰীৰ উত্তৰ শালমাৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ৷ শেলুৱৈৰ দৰে বাঢ়ি অহা সুৰা বিপনীসমূহ বন্ধ কৰাৰ দাবীত বাখলগাঁও মহিলা সমিতি আৰু দুৰ্গা বাহিনীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
আনহাতে সুৰা বিপনি থকা স্থানৰ নিচেই কাষত দুটাকৈ ঐতিহ্যমণ্ডিত মন্দিৰ থকা স্বত্তেও প্ৰশাসনে কেনেকৈ ত্ৰৈলক্য ৰায়ক সুৰা বিপনি খুলিবলৈ অনুমতি প্ৰদান কৰিলে এয়া ৰহস্যজনক বুলি প্ৰশ্ন তুলিছে মহিলা সকলে। ইপিনে অঞ্চলটোত সুৰাৰ অবাধ প্ৰচলনে সামাজিক পৰিবেশ বিঘ্নিত হ’ব বুলি অভিযোগ কৰিছে স্থানীয় মহিলা সকলে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলা সকলে হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ উল্লেখযোগ্য যে, সাংবাদিকে বাতৰি সংগ্ৰহ কৰিব যোৱাত কেমেৰা, ল’গো কাঢ়ি লবলৈ চেষ্টা কৰে সুৰা বিপনীৰ মালিক পক্ষই৷ ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
দণ্ডাধীশ গৰাকীয়ে সুৰা বিপনি স্থাপন কৰা বিষয়টো পুনৰ পৰ্যালোচনা কৰা হ’ব আৰু একো সিদ্ধান্ত নোহোৱালৈকে সুৰা বিপনি বন্ধ থাকিব বুলি আশ্বাস প্ৰদান কৰাত মহিলা সকলে এই প্ৰতিবাদী কাৰ্যসূচী উঠাই লয়৷