
কোকৰাঝাৰাঃ কোকৰাঝাৰস্থিত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি অসমৰ পাঁচখন চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ক "অসম বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণক কেন্দ্ৰ কৰি আজি কোকৰাঝাৰৰ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ উত্তপ্ত হৈ পৰে।
অভিযান্ত্ৰিক মহাবিদ্যালয়খনত অধ্যায়ন কৰি থকা ছাত্ৰ ছাত্ৰী সকলে শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। হাতে হাতে বেনাৰ ফেষ্টুন লৈ ছাত্ৰ ছাত্ৰীসকলে হিমন্ত বিশ্ব মুৰ্দাবাদ, শিক্ষাক লৈ ৰাজনীতি নচলিব, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় মুৰ্দাবাদ, গুৱাহাটী বিশ্ববিদ্যালয় জিন্দাবাদ আদি ইত্যাদি শ্লোগানেৰে মহাবিদ্যালয় চৌহদৰ পৰিৱেশ উত্তপ্ত কৰি তোলে।
বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ক অসম প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত অন্তভুক্তিকৰণৰ সিদ্ধান্ত কোনো পধ্যেই মানি নলয় আৰু পূৰ্বৰ দৰেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনতে থকাৰ সপক্ষে মন্তব্য কৰি অন্যথাই প্ৰতিবাদ অব্যাহত থাকিব বুলি ছাত্ৰ সমাজে হুংকাৰ প্ৰদান কৰিছে।