গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰাক্তন আলফা জীতেন দত্তক আৰক্ষী থানাত হাজিৰ হ’বলৈ জাননী জাৰি কৰাত ৰাজ্যজুৰি প্ৰতিবাদ-প্ৰতিক্ৰিয়া অব্যাহত আছে৷

আলফা স্বাধীনেও আজি অখিল গগৈক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে৷

ৰাজ্যজুৰি এতিয়া প্ৰতিবাদ অব্যাহত আছে ৰাজ্যত৷ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ ৬০ ঘন্টা পাৰ হোৱাৰ পিছতো ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে দল-সংগঠনে৷

কৃষক নেতা অখিল গগৈৰ মুক্তি দিয়াৰ দাবীত শিমলুগুৰিত ছাত্ৰ মুক্তিৰ শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনৰ নেতা-কৰ্মীয়ে বিজেপি হুছিয়াৰ, বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অখিল গগৈক মুক্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল কৰে শিমলুগুৰি টাউন।

টিংখাঙটো প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত টিংখাং সমষ্টিৰ বামুণবাৰীত সংগঠনটোৱে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

আনহাতে গোৱালপাৰাতো সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ গোৱালপাৰা জিলাৰ মাৰকুলা আঞ্চলিক সমিতিৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে ৰাজ পথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবী জনায়৷

অখিল গগৈৰ মুক্তিৰ দাবীত ৰঙিয়াতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। টায়াৰ জ্বলাই অৱৰোধ  কৰে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ।