
কোকৰাঝাৰঃ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই ক্ষুব্ধ হৈ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷
আজি প্ৰেৰণ কৰা এক বিবৃতিযোগে ছাত্ৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে হত্যাকাণ্ডই দুমাহ অতিক্ৰম কৰাৰ পিছত অদ্যপি হত্যাকাৰী কৰায়ত্ব নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ লগতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কৰায়ত্ব নোহোৱালৈকে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে৷
সেইমৰ্মে এবিএমছুৱে অহা ১৩ অক্টোবৰত ১২ ঘন্টীয়া বিটিএডি বন্ধ, ১৫ অক্টোবৰত পৰ্বতঝোৰাত প্ৰতিবাদী গণসমাৱেশ, ১৬ অক্টোবৰৰ পৰা ৭২ ঘন্টীয়া অৰ্থনৈতিক অবৰোধ, ২২ অক্টোবৰত চিৰাং জিলাত বিশাল প্ৰতিবাদী গণসমাবেশ, ২৩ অক্টোবৰত কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত প্ৰতিবাদী গণসমাৱেশ, ২৬ অক্টোবৰত ১২ ঘন্টীয়া ৰেলপথ অৱৰোধ আৰু ৩০ অক্টোবৰৰ পৰা চিৰাঙত আমৰণ অনশন আৰম্ভ হ’ব বুলি জানিবলৈ দিছে এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে৷
উল্লেখ্য যে, চলিত বৰ্ষৰ যোৱা ১ আগষ্টত কোকৰাঝাৰ চহৰৰ তিতাগুৰীৰ এখন টাইলচৰ দোকানত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা ১২ জাই গুলীৰে এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক হত্যা কৰিছিল৷
কিন্তু অসম আৰক্ষী আৰু তদন্তকাৰী গোট এছআইটিয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত থকাৰ সন্দেহত কেইবাগৰাকী লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও হত্যাকাৰী সন্দৰ্ভত কোনো তথ্যই ৰাজহুৱা নকৰাত এবিএমছুক ক্ষুব্ধ কৰি তুলিছে৷