আমগুৰিঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদত উত্তাল হ’ল অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং৷ একাংশ যুৱক ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ পথলৈ ওলাই আহি  নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবী জনায়৷ নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে অবৈধ কয়লাৰ ব্যৱসায় বন্ধ কৰাৰ দাবীত অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ দাবীত আমগুৰিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত ডেৰঘণ্টা অসম নগালেণ্ড সংযোগী ৬১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ফলত সীমান্তৱৰ্তী অঞ্চলটোৰ পথত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে।

কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহীৰ মাজত ইতিমধ্যে সম্পাদিত হোৱা নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলটোৰে দৈনিক ৰাজ্য চৰকাৰক কৰ ফাঁকি দি অবৈধভাৱে চলাচল কৰা কয়লা ট্ৰাক সমূহ বন্ধ কৰাৰ দাবী জনায় সংগঠনটোৱে। উল্লেখযোগ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি আৰক্ষী প্ৰশাসনৰ সহযোগতে চোৰাং কয়লাৰ এক ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। প্ৰতিবাদকাৰী সকলে নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰক, অসম চৰকাৰ হায় হায়। বিজেপি চৰকাৰ গ'বেক ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।