আমগুৰিঃ মঙলবাৰে গোলাঘাট জিলাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে আমগুৰি নগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, চাহ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ জনজাতি সংগ্ৰাম সমিতিয়ে গোলাঘাট জিলাত প্ৰতিবাদ সাব্যস্ত কৰিব যোৱাৰ সময়ত আৰক্ষীয়ে সংগঠন দুটাৰ দুজন নেতাক মাটিত বগৰাই লাঠীৰে বৰ্বৰ আক্ৰমণ কৰে৷

বগীধলা কাণ্ডৰ প্ৰতিবাদত মঙলবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ বাবে অহাৰ সময়তে প্ৰশাসনৰ অনুমতি নথকাৰ বাবে লাঠীচালনা কৰি ৰাজপথত পেলাই গুৰুলা

গুৰুল কৈ প্ৰহাৰ কৰে একাংশ প্ৰতিবাদকাৰীক। আৰক্ষীৰ এই বৰ্বৰ লাঠীচালনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰীসকলে আমগুৰি নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি পৰিবেশ উত্তাল কৰি তোলে। অসম পুলিচ হায় হায়, গোলাঘাটৰ ডি এছ পিক নিলম্বন কৰক, অসম চৰকাৰ গ'বেক আদি শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে।