বিহালীঃ মঙলবাৰে বিহালীৰ ৰাজ পথত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে৷ বিহালীৰ বৰগাঙত গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

জাতি, মাটি, ভেঁটি ৰক্ষাৰ্থে গঠিত খিলঞ্জীয়াৰ চৰকাৰ খনে থলুৱাক উচ্ছেদ কৰাৰ লগতে উচ্ছেদৰ বিৰোধ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বেদান্ত লস্কৰ, ছাত্ৰ মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰক অগনতান্ত্ৰিকভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৰগাঙত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷

জাতি, মাটি ভেটিৰ ৰক্ষাৰ কথা কৈছিল যদিও নিৰ্বাচনৰ পিছত সলনি হ’ল বুলি অভিযোগ উত্থাপন কৰে সংগঠনদুটাই৷ সকলোকে সুৰক্ষা দিম বুলি কৈ চৰকাৰ গঠন কৰা অগপ বিজেপি আৰু বিপিএফ চৰকাৰে ভূমিপুত্ৰ মিচিং, কাৰ্বি, বড়োৰ পৰা ভূমি কাঢ়ি নিয়াত ক্ষোভিত হৈ পৰিছে কৃষক মুক্তি-ছাত্ৰ মুক্তি৷ আনহাতে উচ্ছেদিত লোকৰ খবৰ লোৱা যোৱা কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈর্য্য কোঁৱৰ, গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক তথা কৃষক মুক্তিৰ উপদেষ্টা বেদান্ত লস্কৰ আৰু কৃষক নেতা গোপি দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দি শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় এই প্ৰতিবাদ সাব্যস্ত কৰে৷