ডিব্ৰুগড়ঃ নগাঁও কাণ্ডক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য৷ খিলঞ্জীয়াৰ হৈ মাত মাতিবলৈ ৰাজপথলৈ ওলাই আহিল অসমৰ জনগণ৷ ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে বুধবাৰে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ উদ্যোগত কেইবা শতাধিক লোকে বুধবাৰে উত্তাল কৰিলে ডিব্ৰুগড় জিলাৰ চাবুৱা৷

হাতীঅালি চাহ শ্রমিকৰ সহযোগত হাতীঅালি, চাবুৱা, ডিকমত নগাঁওৰ প্ৰাক্তন অালফা সদস্যৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত বিশাল প্ৰতিবাদী সমদল অাৰু প্ৰতিবাদী সভা অনুষ্ঠিত কৰে সংগঠনটোৱে৷ আলফা জিন্দাবাদ, পৰেশ বৰুৱা জিন্দাবাদ, অসমীয়া জিন্দাবাদ আদি ধ্বনিৰে ৰাজপথ কপাই তোলে প্ৰতিবাদী জনতাই৷

বুধবাৰৰ প্ৰতিবাদী সভাত আলোচনাপন্থী আলফা নেতা জিতেন দত্তই অংশগ্ৰহণ কৰি কয়- অসমত যাতে আৰু কেতিয়াও শ্ল’গান দিয়া প্ৰতিবাদ নহয়। এতিয়াৰ পৰা যতেই অসমীয়া জনগোষ্ঠী, অসমীয়া জাতিৰ কোনো যুৱক বহিৰাগতৰ হাতত যতেই আক্ৰান্ত হ'ব তাতেই আমি প্ৰতিৰোধ গঢ়ি তুলিম৷ তাতেই তাৰ প্ৰত্যুতৰ দিবৰ কাৰণে চেষ্টা কৰিম৷

প্ৰাক্তন আলফা নেতা গৰাকীয়ে ক্ষোভ উজাৰি কয় যে অসমৰ বাহিৰে ভাৰতৰ কোনো এখন ৰাজ্যত ভূমিপুত্ৰক হহিৰাগতই প্ৰহাৰ কৰাৰ সাহস কৰিব নোৱাৰে৷ কেতিয়াবা কৰবাত তেনে ঘটনা সংঘটিত হলেও সেই ৰাজ্যৰ মানুহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ নকৰে৷ তেওলোকে নিজেই তাৰ প্ৰতিৰোধৰ ব্যৱস্থা গঢ়ি লয়৷ প্ৰত্যাক্ৰমণ কৰে৷ অসমেই একমাত্ৰ ঠাই, যত অনা-অসমীয়াই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰাৰ পাছতো ইয়াৰ জনতাই কেৱল প্ৰতিবাদ কৰিয়ে ক্ষান্ত থাকে৷

আনহাতে প্ৰতিবাদী সভাখনত প্ৰাক্তন আলফা নেতাজনে হুংকাৰ দি পুনৰ কয় যে এতিয়াৰ পৰা আৰু খিলঞ্তায়াই সহ্য নকৰে৷ বহিৰাগতৰ আক্ৰমণ কেৱল সহ্য নকৰি প্ৰত্যাক্ৰমণ কৰিব অসমীয়াই৷

প্ৰতিবাদী সভাখনত খেদ প্ৰকাশ কৰি জীতেন দত্তই ইয়াকো কয় যে অজিৰ অসমীয়াই নিজকে মৰাণ, মটক, কলিতা, কোচ আদিৰে নিজক পৃথকে পিচয় দিবলৈ লোৱাত অসমীয়া জাতিটো দুৰ্বল হৈ পৰিছে৷ সকলো খিলঞ্জীয়াই সংঘবদ্ধ হৈ নিজকে অসমীয়া বুলি পৰিচয় দিলেহে অসমীয়া জাতিটো পুনৰ শক্তিশালী হব আৰু তেতিয়া কোনো বহিৰাগতই অসমীয়াৰ ওপৰত আক্ৰমণ কৰিবলৈ সাহস নকৰিব৷

অানহাতে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই প্ৰতিবাদী সভাখনত উপস্থিত থাকি কয় যে, এইখন দেশ নৰেন্দ্ৰ মোডী দেশ নহয়, এইখন দেশ  হিমন্ত বিশ্ব শৰ্মাৰ দেশ নহয়, এইখন দেশ শংকৰ-অাজানৰ ফকিৰৰ দেশ৷ এইখন দেশত নৰেন্দ্ৰ মোডী, হিমন্ত বিশ্বৰ শৰ্মাৰ মইমতালি নচলিব, এইখন দেশত খিলঞ্জীয়া ভূমিপুত্রৰ মত হে চলিব লাগিব বুলি দাবী জনায় মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতিগৰাকীয়ে৷

অামি অসমত থকা সকলো খিলঞ্জীয়া ভূমিপুত্রয়ে এক হৈ নাগৰিকত্ব সংশোধনী অাইনৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব বুলিও মত পোষন কৰে ছাত্ৰ নেতাগৰাকীয়ে৷

আনফালে খিলঞ্জীয়াৰ বিৰুদ্ধে যোৱা ব্যক্তিক অসমীয়াই কেতিয়াও ক্ষমা নকৰিব বুলি হুংকাৰ দি ২০ চেপ্তেম্বৰত যোৰহাটত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদী সভাত সকলো অসমীয়া জাতীয়তাবাদত বিশ্বাসী ব্যক্তিক উপস্থিত থাকিবলৈ আহ্বান জনায় প্ৰাক্তন আলফা নেতা জীতেন দত্তই৷