চাবুৱাঃ শুকুৰবাৰে চাবুৱাৰ ৰাজ পথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে৷ গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই৷

জাতি, মাটি, ভেঁটি ৰক্ষাৰ্থে গঠিত খিলঞ্জীয়াৰ চৰকাৰ খনে থলুৱাক উচ্ছেদ কৰাৰ লগতে উচ্ছেদৰ বিৰুদ্ধে তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বেদান্ত লস্কৰ, ছাত্ৰ মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ আৰু গুপী শইকীয়াক অগনতান্ত্ৰিকভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে চাবুৱা চাৰিআলিত কৃষক নেতা ধৈৰ্য্য কোঁৱৰ, বেদান্ত লস্কৰ আৰু গুপী শইকীয়াক মুক্তি দিয়াৰ লগতে আমচাঙত খিলঞ্জীয়া লোক সকলক শীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ দাবী জনায়৷ সংগঠনদুটাই বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম হায় হায়, থলুৱা ভূমি পুত্ৰৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ লগতে বাকী সকলকো মুক্তি দিয়ক আদি শ্ল’গানেৰে প্ৰায় এঘন্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে।