মঙলদৈঃ মঙলদৈত মোক্তাৰ হত্যাকাণ্ডৰ প্ৰতিবাদ৷ কেইবা শতাধিক লোকে মঙলদৈৰ আউলাচৌকাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আততায়ীক শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবীত কেইবাটাও সংগঠনৰ নেতৃত্বত ৰাজ পথলৈ ওলাই আহে লোক৷

দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাত শনিবাৰে বিয়লি প্ৰায় ৪ বজাত ঘৰৰ পৰা বাইকত আহি থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই আউলাচৌকাৰ কালিয়াপাৰাৰ গৰু ব্যৱসায়ী মোক্তাৰ আলিক (৪৫) গুলীয়াই হত্যা কৰে। হত্যাকৰাৰ পাছৰে পৰা সমগ্ৰ জিলা খনত উত্তেজনা বিৰাজ কৰে৷

আউলাচৌকাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে শ শ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰক্ষী প্ৰশাসনক ধিক্কাৰ দি মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াত ৰাজ্য চৰকাৰ বিফল হোৱা বুলি গুৰুতৰ অভিযোগ উত্তাপন কৰে প্ৰতিবাদকাৰীয়ে৷

আনহাতে মোক্তাৰৰ মঙলদৈৰ কালিয়াপাৰাৰ ঘৰতো প্ৰতিবাদ সাব্যস্ত বহু লোকে। মোক্তাৰ আলিৰ গৃহত আমচুৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে মৃতদেহ পৰিয়ালক চমজাই দিব যাওতেই একাংশ লোক উত্তেজ্ত হৈ বিভিন্ন শ্ল’গানেৰে উত্তল কৰে পৰিস্থিতি৷ হত্যাকাণ্ডৰ সৈতে জড়িত লোকক আটক নকৰালৈ পৰিয়াল মৃতদেহ চমজি নোলোৱাৰ কথা প্ৰকাশ কৰে।