মঙলদৈঃ ৰাজ্যত এতিয়া মুক্ত মনে হাতত লৈ ফুৰিব পাৰে অবৈধ অস্ত্ৰ৷ ইচ্ছা গ’লেই বাটে-ঘাটে, চক-বজাৰে অবৈধ অস্ত্ৰৰে কাৰোবাক গুলীয়াই হত্যা কৰিব পাৰে দুৰ্বৃত্তই৷ ৰাজ্যখনত সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰপত্তা নোহোৱা হৈছে৷

দিন দুপৰতে বিনা দ্বিধাই যাৰ যাক ইচ্ছা গুলীয়াই নিৰ্বিঘ্নে মাৰি থৈ যাব পাৰে৷ ৰাজ্যত আৰক্ষী, সেনা, অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকাৰ পাছতো ৰাজ্যত কেইদিন মানৰ ভিতৰতে গুলীয়াই হত্যা কৰিছে কেইবাগৰাকী লোকক৷

এবিএমছুৰ সভাপতি তথা বিটিএডিৰ প্ৰতিবাদী কণ্ঠ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰত দিন দুপৰতে গুলীয়াই হত্যা কৰিছিল৷ ১৭ আগষ্টৰ নিশা ডিব্ৰুগড় জিলাৰ টেঙাখাট অাৰক্ষী থানাৰ অন্তৰ্গত বাছমতীয়া চাহ বাগিচাৰ সমীপৰ তেলপানী নৈৰ এখন দলঙৰ তলত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী গুলীবিদ্ধ  মহিলাৰ মৃতদেহ।

ডিম্পী নেওগ নামৰ মহিলাগৰাকীৰ গুলীয়াই হত্যা কৰি নৈত পেলাই দিয়ে। কেৱল এয়া উদাহৰণ হে৷ ৰাজ্যত এতিয়া আইন-শৃংখলা দিশটোক বুঢ়া আঙুলি দেখুৱাই দুৰ্বত্তই সংঘটিত কৰি গৈছে ইটোৰ পাছত সিটো ঘটনা৷ ইয়াৰ মাজতে মঙলদৈত শনিবাৰে এগৰাকী গৰু ব্যৱসায়ীক দিন-দুপৰতে ৰাজ পথত গুলীয়াই হত্যা কৰে৷

দৰং জিলাৰ মঙলদৈ থানাৰ অন্তৰ্গত আউলাচৌকাত শনিবাৰে বিয়লি ৪ বজাত বাইকত আহি থকা অৱস্থাত মোক্তাৰক অচিনাক্ত দুৰ্বৃত্তই আউলাচৌকাৰ কালিয়াপাৰাৰ গৰু ব্যৱসায়ী মোক্তাৰ আলিক (৪৫) গুলীয়াই হত্যা কৰে।

হত্যাকাণ্ডৰ পাছৰে পৰা যোৱা ৩০ ঘন্টা ধৰি উত্তেজনাই বিৰাজ কৰি আছে দৰং জিলাত৷ বিভিন্ন দল-সংগঠনে ৰাজ্যত মুক্ত হত্যা আৰম্ভ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ আমচু, সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদেক্ ধৰি কেইবাটাও দল-সংগঠনৰ নেতৃত্বত হাজাৰ হাদাৰ লোকে ৰাজ পথলা ওলাই আহি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ  অৱৰোধ কৰি হত্যাকাণ্ডৰ প্ৰতিবাদ জনোৱাৰ লগতে হত্যাকাৰীক আটক কৰাৰ দাবী জনায়৷

ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ ফলত তীব্ৰ যান-জটৰ সৃষ্টি হয়৷ দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মন আৰু ডি আই জি লাচিত বৰুৱা উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক সৈমান কৰাৰ চেষ্টা কৰে৷ উপায়ুক্তক প্ৰতিবাদকাৰী সকলে ২৪ ঘন্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ব কৰা, পৰিয়ালক ক্ষতিপুৰন দিয়া, আউলাচৌকাত আৰক্ষী চকি স্থাপন কৰাৰ লগতে পৰিয়ালৰ লোকক সংস্থাপনৰ কৰাৰ দাবীত ষ্মাৰক পত্ৰ প্ৰদান কৰে।

উপায়ুক্ত অশোক বৰ্মনে দাবীসমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিয়াত প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ কাৰ্যসূচী বাতিল কৰে। আনহাতে সংখ্যালঘু ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে এই হত্যাকাণ্ডৰ সৈতে এগৰাকী ছালফা নেত্ৰী জড়িত থকা বুলি মুকলি অভিযোগ উত্থাপন কৰে।

মঙলদৈ চহৰৰ সমীপৰ জনাৰাম চৌকাত শাকতোলা নৈৰ পাৰত থকা কে এন উদ্যোগৰ স্বত্বাধীকাৰী ছালফা নেত্ৰী গৰাকীয়ে  নিজৰ উদ্যোগৰ বাবে কালিয়াপাৰা গাঁৱৰ মাজেৰে ৩৩৩ ভল্টৰ বিদ্যুত পৰিবাঁহী তাৰ নিব খোজাত একাংশ লোকে প্ৰতিবাদ কৰিছিল৷ গাঁও খনৰ একাংশ লোকৰ লগতেমোক্তাৰ আলিৰ লগত কেইদিনমান পূৰ্বে সংঘাটত লিপ্ত হৈছিল ছলফা নেত্ৰীগৰাকী।

আনকি মোক্তাৰ আলিক চাই ল’ম বুলি ভাবুকিওঁ প্ৰদান কৰিছিল ছালফা নেত্ৰীগৰাকীয়ে। ছালফা নেত্ৰীগৰাকীয়ে মোক্তাৰক হত্যা কৰা বুলি সন্দেহ কৰে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে৷ শনিবাৰৰ নিশাৰ পৰা মঙলদৈত বাহৰ পাতি থকা আৰক্ষী সঞ্চালক-প্ৰধান কুলধৰ শইকীয়াই ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে৷

দৰং আৰু ওদালগুলি জিলাৰ কেইবাজনো লোকক সোধ-পোছৰ বাৱে আটক কৰে দৰং আৰক্ষীয়ে। মোক্তাৰ আলীৰ মৃতদেহ ঘৰ আহি পোৱাত পত্নীৰ লগতে দুই পুত্ৰই কান্দোনত ভাঙি পৰে৷ সৰবৰহী মোক্তাৰ আলীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মূখ্য উপদেষ্টা চহিৰ ভূঞাই এই ঘটনাক গৰিহণা দি হত্যাকাৰীক আটক কৰিবলৈ দাবী জনায়৷