
গোৰেশ্বৰঃ ৰাজ্যত আজিও অব্যাহত আছে লাফিকুল হত্যাৰ প্ৰতিবাদ৷ কোকৰাঝাৰত দিন দুপৰতে সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। হত্যাকাৰীক আটক কৰিব নোৱাৰাত বিটিএডিৰ দল-সংগঠন ক্ষোভিত হৈ পৰে৷
আজি সন্ধিয়া ৭ বজাত বাক্সা জিলাৰ গোৰেশ্বৰ চহৰত লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবীত এক বিশাল জোঁৰ সমদল উলিয়াই কেইবাটাও দল-সংগঠনে।
তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত আছু, এবছু, আক্ৰাছু, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, অবড়ো সুৰক্ষা সমিতি, গৰিয়া মৰিয়া দেশী জনগোষ্ঠী পৰিষদ, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, সংখ্যালঘু শিক্ষা আৰু বিকাশ সমিতি, মুছলিম যুৱ-পৰিষদ, এবিবিৱাইএচএফ আৰু যুব ছাত্ৰ পৰিষদৰ সহযোগত বেঙেনাহাটী সত্ৰ প্ৰেক্ষাগৃহৰ পৰা এক বিশাল জোঁৰ সমদল উলিযায় গোৰেশ্বৰ চহৰলৈ আহে৷
সহস্ৰাধিক সমদলকাৰীয়ে লাফিকুল ইছলাম অমৰ হওঁক, অসম চৰকাৰ হায় হায়, অসম পুলিচ হায় হায়, চিবিআই তদন্ত ঘোষণা কৰক আদি শ্ল’গান দি আকাশ-বতাহ কপাই তোলে। তামুলপুৰ জিলা এবিএমছুৰ নেতৃত্বই যেতিয়ালৈ লাফিকুল ইছলমাৰ হত্যাকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰেলৈ এবিএমছুৱে চৰকাৰক সুস্থিৰভাৱে থাকিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক শীঘ্ৰেই নিলম্বন কৰাৰো দাবী তুলিছে সংগঠনটোৱে।