
খেৰণীঃ কেন্দ্ৰীয় চৰকাৰে সকলো পক্ষক অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে মঙলবাৰে ডিমা হাছাও আৰু হাফলং তিনিআলিতো প্ৰতিবাদ সাব্যস্ত কৰে শ-শ লোকে৷ নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে ডিমাছা জাতীয় সংগঠন, ছাত্র সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত তথা তেজ আৰু প্রাণ দিম, কিন্তু মাটি এক ইঞ্চিও নিদিয়াৰ সংকল্পৰে বৃহত্তৰ দিয়ুংব্ৰাত সমদল উলিয়াই ৰাইজে৷ ডিমাছা জাতীয় সংগঠন দিয়ুংব্ৰা জালাই হচম, সদৌ ডিমাছা ছাত্র সংস্থা, গাঁওবুঢ়া সংস্থা, সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাফলং তিনিআলিৰ পৰা প্রতিবাদী সমদল উলিয়াই ৰাজ পথ কপাই তোলে। উল্লেখযোগ্য যে, হাফলং তিনিআলিৰ পৰা ব্লক বজাৰস্থিত দিয়ুংব্ৰা মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীয়ে বিজেপি মুৰ্দাবাদ, কেন্দ্রীয় চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল চৰকাৰ মুৰ্দাবাদ, নাগালেণ্ড গ'বেক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে।
অসমৰ মাটি তথা ডিমা হাছাওৰ এক ইঞ্চি মাটিও কোনোপধ্যে এৰি নিদিও বুলি সকীয়নি প্ৰদান কৰে চৰকাৰক। প্ৰতিবাদকাৰীসকলে দিয়ুংব্ৰা মহকুমাধিপতিৰ জড়িয়তে প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বিছাৰিছিল যদিও মহকুমাধিপিত উপস্থিত নথকাত দিয়ুংব্ৰা আৰক্ষীক স্মাৰক পত্ৰ প্ৰদান কৰিব লগা হয়৷ আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমাছাক মানুহ বুলি নাভাবে বুলি অভযোগ উত্থাপন কৰে।