
লংকাঃ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি সদম্ভে ঘোষণা কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজিও উত্তাল হৈ আছে ৰাজ্য়।
ৰাজ্যৰ জনসাধৰণে বিদ্ৰোহী সংগঠনৰ প্ৰতি মোহভংগ হোৱা বুলি প্ৰায়ে প্ৰচাৰ হৈ আহিছে৷ ৰাজ্যৰ জনসাধৰণে আজিও হাবি জংঘলত থাকি বিদ্ৰোহ কৰি থকা আলফা তথা পৰেশ বৰুৱাৰ বিৰুদ্ধে মোহভংগ হোৱা বুলি প্ৰচাৰ হৈ থকাৰ সময়তে পৰেশ বৰুৱা জিন্দাবাদ আলফা জিন্দাবাদ ধ্বনিৰে ৰাজ্যৰ ৰাজ পথ লাহে লাহে উত্তাল হ’ব ধৰিছে৷
মাথো দুদিন পূৰ্বে চাবুৱাত শ শ লোকে পৰেশ বৰুৱা জিন্দাবাদ ধ্বনিৰে ৰাজ পথ উত্তাল কৰাৰ পাছত আজি পুনৰ ৰাজ পথ উত্তাল হ’ল হোজাই জিলাত৷ নগাঁও কাণ্ডৰ বিৰুদ্ধে হোজাই জিলাৰ শংকৰদেৱ নগৰত আজি ৰাজ পথলৈ ওলাই আহে কেইবাশতাধিক লোকে৷ চিলা পথাৰ কাণ্ডৰ দ্বিতীয় সংস্কৰণ নগাঁও কাণ্ডই আজিও উত্তাল কৰি ৰাখিছে ৰাজ্য৷
হোজাই জিলাৰ শংকৰদেৱ নগৰত আজি পুৱাৰে পৰা কেইবাশতাধিক লোক সমবেত হয়৷ খিলঞ্জীয়া সুৰক্ষা সমিতিৰ আহ্বানত শংকৰদেৱ নগৰত সমবেত লোকসকলে ৰাজপথ উত্তাল কৰে৷
হোজাইৰ কাকী, লংকা, উদালী অঞ্চলৰ লগতে কেইবাজনো প্ৰাক্তন আলফা সদস্যই অংশগ্ৰহণ কৰে৷ অনা-অসমীয়া হুছিয়াৰ, অসমীয়াৰ ওপৰত আক্ৰমন বদ্ধ কৰক, পৰেশ বৰুৱা জিন্দাৱাদ, পৰেশ বৰুৱা অমৰ হওক, আলফা জিন্দাবাদ, দোষীক উচিত শাস্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিস্থিতি৷
টায়াৰ জ্বলাই ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি নগাঁও ঘটনাৰ লগত জড়িত অতিৰুক্ত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যক নিলম্বন কৰাৰ লগতে শীঘ্ৰে আটক কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে৷ সংখ্যালঘু সংগঠনৰ লগচে বঙালিভাষী লোকেও প্ৰতিবাদত অংশগ্ৰহণ কৰে৷