
মুকালমুৱাঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে মুকালমুৱাত প্ৰতিবাদ সাব্যস্ত কৰে।
বিশুদ্ধ খোৱাপানী, বাট-পথ, শিক্ষা, স্বাস্থ্য আদিত পিছ পৰি থকা সমষ্টিটোক ৰেল সেৱাৰ সৈতে সংযুক্ত কৰাৰ লগতে মুকালমুৱাক মহকুমা হিচাপে কাৰ্যকৰী কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে সংগঠনটোৱে৷
শতাধিক লোকৰ উপস্থিতিত মুকালমুৱাত ইতিমধ্যে ঘোষণা কৰি থোৱা মুকালমুৱা মহকুমা কাৰ্যকৰী কৰাৰ লগতে বঙাইগাঁও-আগিয়াথুৰি ৰে'ল পথক বৰক্ষেত্ৰীৰ পূৱ আৰু পশ্চিম দিশৰ আদাবাৰী আৰু দৌলাশালক সংযোগ কৰাৰ দাবী জনায় জাতীয়তাবাদী সংগঠনটোৱে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি মৃনাল কুমাৰ বৰ্মন, বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সভাপতি চিত্তৰঞ্জন তালুকদাৰ আৰু সাধাৰণ সম্পাদক অমল কুমাৰ বৰ্মনে।