নলবাৰীঃ  কেন্দ্ৰ-ৰাজ্যৰ শাসনাৰ গাডীত বহি থকা বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে নলবাৰীত বৃহস্পতিবাৰে কেৰেলাৰ বাওঁপন্থী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে৷ কেৰেলাত বাঁওপন্থী চৰকাৰৰ নেতৃত্বত এ বি ভি পি আৰু সংঘৰ কাৰ্যকৰ্তা এচামক যি নৃশংস ভাবে হত্যা কৰা হৈছিল তাৰেই প্ৰতিবাদ জনাি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে এ বি ভি পি-ৰ কৰ্মকৰ্তা সকলে।

প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সংযোজক অলকেশ মল্ল বুজৰবৰুৱা, লাচিত মেধি, হিমাংশু শৰ্মা সহ বহু সংখ্যক কৰ্মী উপস্থিত থাকে৷ পিছত এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি সংগঠনটোৰ জিলা সংযোজক অলকেশ মল্ল বুজৰবৰুৱাই কয় যে, বাওঁপন্থী সকলৰ কোনো নীতি-আদৰ্শ নাই। সকলোৱে অৱগত দেশ বিদেশৰ কমিউনিষ্ট সকলৰ বিচাৰ ধাৰাৰ ৰক্তাক্ত ইতিহাস। তেওঁলোকৰ মতে চৰকাৰ সদায়েই বন্দুকৰ ভাষাৰে চলে।

কেৰেলাত এ বি ভি পি তথা সংঘৰ কাৰ্যকৰ্তাক হত্যা কৰি তাকে প্ৰমাণ কৰিছে বুলিও বুজৰবৰুৱাই দোহাৰে৷ প্ৰতিবাদকাৰী সকলে ‘বাওঁপন্থী মুৰ্দাবাদ’, ‘কমিউনিষ্ট হায় হায়’, ‘কেৰেলা চৰকাৰ নিপাত যাওক’ আদি শ্লোগানেৰে নলবাৰীৰ জিলিকনি চক উত্তাল কৰি তোলে।