
চৰাইদেউঃ মূল্য বৃদ্ধি ৰোধ আৰু বিদ্যুৎ সেৱা নিয়মীয়া কৰাত বিফল হোৱাৰ অভিোগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ-পৰিষদ অসম চমুকৈ টাইপাই।
উজনি অসমৰ অন্যতম চহৰ সোণাৰিত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই৷
টাই আহোম যুৱ-পৰিষদ অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে মূল্যবৃদ্ধি ৰোধৰ মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভযোগ উত্থাপন উত্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে৷
আনহাতে ৰাজ্যৰ শক্তিমন্ত্ৰী পল্লৱ লোচন দাসে নিৰ্দোষী লোকক হত্যা কৰাৰ লগতে বিদ্যুৎ যোগান নিয়মীয়া কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে৷
সংগঠনটোৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কটাক্ষ কৰি বিভিন্ন শ্ল’গান দি সোণাৰি নগৰৰ শিৱ-মন্দিৰ তিনিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে।