
বিহালীঃ নগাঁও কাণ্ড আৰু মহানগৰীৰ আমচাঙৰ উচ্ছেদেৰ বিৰুদ্ধে আজিও উত্তাল হৈ আছে ৰাজ্য৷ ৰাজ পথত থলুৱাই নিজৰ জীৱন-সম্পত্তীৰ সুৰক্ষা বিছাৰি আস্ফালন কৰিব লগা হৈছে৷
খিলঞ্জীয়াক আক্ৰমন কৰি হ’ল এচাম অনা-অসমীয়া বেপাৰীয়ে৷ তাৰ পাছতো জাতি, মাটিআৰু ভেঁটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে অসমীয়াৰ স্বাভিমান ৰক্ষাৰ বাবে কাম নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জনসাধৰন৷
চৰকাৰ খনে বানপীড়িত লোকক সহায্য দিয়াত বিফল হোৱাৰ লগতে, গৰাখহনীয়াত গৃহহাৰা হোৱা থলুৱা লোকক অবৈধ ভাৱে আমচাংৰ প্ৰশাসন তথা চৰকাৰে উচ্ছেদ কৰাৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিহালীত৷
বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, প্ৰাক্তন অালফা ঐক্য মঞ্চ কেইবাশতাধিক নেতা-কৰ্মীয়ে ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্ল’গানেৰে বিহালীৰ আকাশ-বতাহ কঁপাই তোলে৷ আৰ এছ এছ হুঁচিয়াৰ, বিজেপি হুঁচিয়াৰ, অনা-অসমীয়াৰ দপদপনি নচলিৱ, অনা-অসমীয়াই অসম এৰিব লাগিব, হিমন্ত বিশ্ব গ'বেক, সৰ্বানন্দ হায়! হায়, আদি শ্ল'গানৰে বিহালীৰ ৰাজ পথ উত্তাল কৰি তোলে৷