
নলবাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো সদৌ অসম ছাত্ৰ সন্থাৰ এমহীয়া প্ৰতিবাদ কাৰ্যসূচীৰ আজি সফল ৰূপায়ন হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ বানপীড়িতক উপযুক্ত ক্ষতিপূৰণ দিয়া, বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অসমৰ প্ৰতিটো অঞ্চলৰ ৰাস্তা-ঘাট মেৰামতি কৰাৰ দাবীত আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচীৰে চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়৷
উক্ত কাৰ্যসূচীত নলবাৰী জিলাৰ ছাত্ৰ সন্থাই বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক লগত লৈ আঞ্চলিক আছুৰ কৰ্মী সকল উপস্থিত থাকি পথ অৱৰোধ কাৰ্যসূচী সফল কৰি তোলে৷
পথ অৱৰোধকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ড আদি লৈ অসম চৰকাৰ গ' বেক, কেন্দ্ৰীয় চৰকাৰ গ' বেক, আছু জিন্দাবাদ, আমাৰ সংগ্ৰাম চলিছে চলিবই, কেন্দ্ৰীয় চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়, আমাৰ দাবী নায্য দাবী, বান গৰাখহনীয়া সমস্যা সমাধান কৰক, বান ক্ষতি গ্ৰস্থক সাহায্য দিয়ক আদি শ্ল’গান দি পথ উত্তাল কৰি তোলে৷
ইপিনে পথ অৱৰোধ কাৰ্যসূচীৰ ফলত এঘন্টাৰ বাবে পথচোৱাৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে৷