15
Sep
2017

ৰঙিয়াঃ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বড়ো মাধ্যমৰ বিদ্যালয় সমূহ উন্নত কৰাৰ দাবীত আজি ৰঙিয়াত কামৰূপ জিলা এবছুয়ে তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। এবছুৰ বৃহৎ সংখ্যক কৰ্মকৰ্তাই আজি দিনৰ ১১ বজাৰ পৰা দিনৰ ২ বজালৈ এনেদৰে ধৰ্ণা কৰি ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
বিশেষকৈ বড়ো মাধ্যমৰ বিদ্যালয় পৰা অসমীয়া মাধ্যমৰ শিক্ষকক আতৰ কৰা, বড়ো শিক্ষক নিযুক্তি দিয়া, প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ বড়ো মাধ্যমত খালি হৈ থকা শিক্ষাৰ পদ সমূহ পুৰণ কৰা , বড়ো মাধ্যমত অতি সোনকালে টেট পৰীক্ষা অনুষ্ঠিত কৰা আদিৰ দাবীত উক্ত প্ৰতিবাদ ৰূপায়ন কৰা হয়।