
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ টিংখং ৰাজহ চক্ৰৰ অন্তৰ্গত শালমাৰী চাহ বাগানত যোৱা ৩১ আগষ্টত দুই ফৈদৰ মাজত হোৱা ঘটনাৰ উচিত তদন্তৰ দাবী তুলি আজি উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে আদিবাসী সুৰক্ষা সমিতিয়ে। উক্ত ঘটনাৰ তদন্তৰ লগতে আৰক্ষীয়ে গেপ্তাৰ কৰা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলী আৰু সৰ্তীথ সকলক বিনা চৰ্তে মুক্তিৰ দাবীত আজি বিয়লি আদিবাসী সুৰক্ষা সমিতিয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
সমিতিৰ দুই শতাধিক কৰ্মী তথা চাহ শ্ৰমিকে হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ বলদেৱ তেলিক মুক্তি দিয়ক, নিৰ্দোষী শ্ৰমিকক গেপ্তাৰ কৰা কাৰ্য্য বন্ধ কৰক, ঘটনাৰ উচিত তদন্ত কৰক, বাগান কৰ্তৃপক্ষৰ মইমতালি নচলিল আদি শ্লগান দি উত্তাল কৰি তোলে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখ। সমিতিৰ নেতৃত্বত শ্ৰমিক সকলে প্ৰথমে চৌকিডিঙী চাৰি আলিৰ পৰা মানকটা পথেৰে সমদল উলিয়ায়।
ইয়াৰ পিছতে উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান কৰি পৰিৱেশ উতপ্ত কৰি তোলে। উক্ত বিষয় কেইটাৰ উপৰি বাগিচা পৰিচালক প্ৰতাপ ক্ৰচাৰক শীঘ্ৰে গেপ্তাৰ কৰাৰো দাবী জনায় সমিতিয়ে। তদুপৰি বাগিচা খনৰ শ্ৰমিক সকলে অতি দুৰৱস্থাৰে দিন অতিবাহিত কৰি অহাৰ পিছতো কিয় পৰিচালক, স্থানীয় বিধায়ক বিমল বৰাই গুৰুত্ব দিয়া নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সমিতিৰ বিষয়ববীয়া সকলে।
আনহাতে শেহতীয়াকৈ কি চুক্তিৰ ভিত্তিত শালমাৰী চাহ বাগিছা প্ৰতাপ ক্ৰচাৰক গতালে তাৰো সকলো তথ্য ৰাজহুৱা কৰাৰ দাবী জনায় প্ৰশাসনৰ ওচৰত। ইপিনে উক্ত দাবী সমূহ মানি নললে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে আদিবাসী সুৰক্ষা সমিতিয়ে।