চিচিবৰগাওঁঃ ৰাজ্যত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিগত তিনি দশকৰো অধিক কাল অসমীয়া জাতীৰ আহুকালৰ সময়ত তথা দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে, চৰকাৰৰ জনবিৰোধি নীতিৰ বিৰুদ্ধে ৰাইজৰ পক্ষত থিয় দি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।দ্বি-নাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা, পূৰ্ণস্বায়ত্ব শাসন, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি আহিছে সংগঠনটোৱে।

গণতান্ত্ৰিক ধ্যান ধাৰণাৰে পুষ্ট পৰিষদে অসমৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বাধাৰ প্ৰাচীৰ হিচাপে থিয় হ’ব খোজা যি কোনো অপশক্তিৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছে জাতীয় সংগঠনটোৱে।

আজি যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে নিত্য প্ৰয়োজনীয় সাগ্ৰীৰ মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ চুড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাত সাব্যস্ত কৰে। নিত্য প্ৰয়োজনীয় সাগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলশ্ৰুতিত অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে খাতি খোৱা দৰিদ্ৰলোক বিপদত পৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰে।

শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, ক’লা বেপাৰীসকলক গ্ৰপ্তাৰ কৰি মূল্যবৃদ্ধি ৰোধ কৰা, নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থাত থকা আসোঁৱাহসমূহ দূৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাচঁ শতাধিক কৰ্মীয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতি সম্পাদক দেৱজিৎ দাস জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাকে ধৰি জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।