শিৱসাগৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠন (অামছু)ৰ শিৱসাগৰ জিলা সমিতিয়ে অাজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ নেত্ৰ বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে চিকিৎসালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে, অামছু জিলা সমিতি অভিযোগ অনুসৰি চিকিৎসালয়খনৰ নেত্ৰ বিভাগৰ বৰ্তমান চৰকাৰী অাঁচনি ৰূপায়ণৰ নামত চকু চিকিৎসক সকলে এখন মুকলি বজাৰ সৃষ্টি কৰিছে। চিকিৎসক সকলে চৰকাৰে বিনামুলীয়াকৈ যোগান ধৰা একাংশ সামগ্ৰী বিক্ৰী কৰাৰো অভিযোগ উঠিছে।

এই ঘটনা সন্দৰ্ভত অামছু জিলা সমিতিয়ে চিকিৎসালয়খনৰ অধীক্ষকক যোৱা ১৭ অাগষ্টত লিখিত অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল৷ কিন্তু চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা কোনো সহাঁৰি লাভ নকৰাত অাজি চিকিৎসালয়খনৰ সন্মুখনত ধৰ্ণা কাৰ্যসূচি ৰূপায়ণ কৰি ঘটনাৰ এক উচিত বিচাৰ কৰিবলৈ জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে৷