শিৱসাগৰঃ কণ কণ শিশু সকলৰ বিদ্যায়তনিক দায়িত্ব মূৰ পাতি লোৱা অংগনবাড়ী কৰ্মী সকল প্ৰতিনিয়ত বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ শিক্ষা ব্যৱস্থা আৰু বৌদ্ধিক বিকাশত অনবদ্য ভূমিকা পালন কৰা অংগনবাড়ী কৰ্মীসকলে আনকি নাপায় পৰ্যাপ্ত দৰমহা খিনিও৷

যাৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈ পৰিছে এই নিম্ন বৰ্গৰ অংগনবাড়ী কৰ্মীসকলে৷ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা এই সকল অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদৰ কোনো মূল্য দিয়া নাই চৰকাৰে৷ তথাপি নিজৰ প্ৰাপ্য লাভৰ বাবে মাত মাতি আহিছে এওলোকে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতে আজি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী, সহায়িকা সন্থা অাৰু সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ যৌথ উদ্যোগত এক প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ অসম চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত তথা কৰ্মী-সহায়িকাসকলৰ বিভিন্ন দাবী সমূহ পুৰণৰ দাবীত প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী সকলে শিৱসাগৰ নগৰত পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে।

অংগনবাড়ী সকলৰ প্ৰাপ্য মাননী আদায় দিয়া, মাহিলী অতিৰিক্ত ৫০০০টকা (কৰ্মীক) আৰু ৩০০০ (সহায়িকাক) টকাকৈ প্ৰদান কৰা, অংগনবাড়ী সহায়িকাৰ অৱসৰ কালত এককালীন ভাৱে সুবিধা প্ৰদান কৰা, অংগনবাড়ী গৃহসমূহ সঠিকভাৱে নিৰ্মাণ আৰু মেৰামতি কৰা, উচিত সা-সামগ্ৰী যোগান ধৰা আদি সন্থাৰ আঠ দফীয়া দাবী সমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ প্ৰতিবাদকাৰী মহিলা সকলে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷ অন্যথা জংগী অান্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী অংগনবাড়ী কৰ্মী সকলে৷