ডিফুঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি পাহাৰীয়া জিলাৰ সদৰ ডিফুত আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু ডিফু আঞ্চলিকৰ সহাযোগত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

ৰাজ্যখনৰ বিভিন্ন স্থানত দীনদয়াল উপাধ্যায়ৰ নামত ২২ খনকৈ মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত অনা অসমীয়াৰ নিযুক্তি আদিৰ বিৰোধিতাতাৰে সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ডিফুতো সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী পালন কৰাৰ লগতে ডিফু চহৰৰ মাজেৰে সমদল বাহিৰ কৰি অসম চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাত বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

সাংবাদিকক সম্বোধন কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, মন্ত্ৰী গৰাকীয়ে অসমৰ স্বনাম ধন্য যিকোনো ব্যক্তিৰ নামত এখন মহাবিদ্যালয় স্থাপন কৰি দেখাওক৷ অসমত বহু স্বনাম ধন্য ব্যক্তি থকাৰ পিছতো দীনদয়ালৰ নামত ২২ খনকৈ মহাবিদ্যালয় মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তৰ যুক্তি ক'ত বুলি প্ৰশ্ন উত্থাপন কৰে৷

আনহাতে অসমত ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহত শিক্ষকৰ বাবে অনা অসমীয়াৰ নিযুক্তি প্ৰদানৰ তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰি কয় যে চৰকাৰৰ অসম বিৰোধী সিদ্ধান্ত সলনি নকৰিলে সন্থাই জিলাখনৰ ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে৷