11
Oct
2017

গোৰেশ্বৰঃ চিপিআইএম সমৰ্থকে কেৰেলাত বিজেপি আৰু আৰ এচএচ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ প্ৰতিবাদত বাক্সা জিলাৰ গোৰেশ্বৰ মণ্ডল বিজেপিয়ে আজি গোৰেশ্বৰ চহৰত এক প্ৰতিবাদী সমদল উলিয়ায়।
গণতন্ত্রৰ হত্যাকাৰী চিপিআইএমৰ এনে আক্ৰমণক গোৰেশ্বৰ মণ্ডল বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সমদলত অংশগ্ৰহণ কৰা বিজেপি সমৰ্থকে চিপিআইএম নিপাত যাওঁক, বিজেপিৰ ওপৰত আক্ৰমণ বন্ধ কৰক, দিশহাৰা চিপিআইএম হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখ্য যে, মঙলবাৰে চিপিআইএময়ে গোৰেশ্বৰত বিজেপিৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়াই পথ সভা অনুষ্ঠিত কৰিছিল।