11
Oct
2017

মঙলদৈঃ কেন্দ্ৰৰ শাসনৰ গাদীত বহা বিজেপিয়ে আজি মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিলে Left Democratic Front (LDF) তথা চিপিআইএমৰ বিৰুদ্ধে৷
কেৰালাৰ শাসনাধিষ্ঠ চিপিআইএমে বিজেপি দলৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি বিজেপি কৰ্মীয়ে মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদ মুখৰ হৈ পৰে৷
কেৰেলা ধাৰাবাহিক ভাবে আৰ এছ এছ আৰু বিজেপি কৰ্মীক হত্যাৰ বিৰুদ্ধে আজি মঙলদৈত বিজেপিৰ মণ্ডল সমিতি আৰু যুৱ মৰ্ছাৰ মণ্ডল সমিতিয়েও ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদ কাৰ্যসূচীত বহু সংখ্যক বিজেপি কৰ্মীৰ লগতে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে অংশগ্ৰহণ কৰে।