
নলবাৰীঃ আজি নলবাৰী চহৰত চি পি আই (এম) জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰৰ বিভিন্ন ঠাইত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰ হত্যা আৰু চৰকাৰৰ স্বৈৰচাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদী পথ সভা অনুষ্ঠিত কৰে।
সভা সমূহত ভাষণ ৰাখে বাওঁপন্থী নেতা ৰবীন মিশ্ৰ, জগত গোস্বামী, মহেশ্বৰ দত্ত, চি পি আই (এম) জিলা সম্পাদক উমেশ দত্ত আদিয়ে। সভাত ভাষণ ৰাখি বিশিষ্ট বাওঁপন্থী নেতা ৰবীন মিশ্ৰই কয় যে সম্প্ৰতি সমগ্ৰ দেশৰ লগতে অসমতো গণতন্ত্ৰ হত্যা যজ্ঞ আৰম্ভ হৈছে। এই ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ স্বৈৰচাৰী নীতি উন্মোচন হৈছে।
গণতান্ত্ৰিক সাংবাদিক গৌৰী লংকেশ্বৰ হত্যা, বিভিন্ন সময়ত বুদ্ধজীৱিক মানসিক হত্যা আৰু অখিল গগৈৰ দৰে প্ৰতিবাদী নেতাক গ্ৰেপ্তাৰ কৰি চৰকাৰে প্ৰকৃততে গণতন্ত্ৰকে হত্যা কৰা হৈছে বুলি বাঁওপন্থী নেতা মিশ্ৰই অভিযোগ কৰে। ইফালে অসমত এতিয়া মানৱতাবাদৰ বিপৰীতে মাথো হিন্দুত্ববাদ তথা সমাজ-সংস্কৃতি ধবংসবাদ হে চলা বুলিও মিশ্ৰই দোহাৰে।
সভাত বাওঁপন্থী নেতা জগত গোস্বামীয়ে কয় যে বিজেপি এতিয়া ক্ষমতাত অন্ধ হৈ যি মন যায় তাকে কৰিবলৈ আৰম্ভ কৰিছে। য’ত জনসাধাৰণৰ সমস্যা সমাধানৰ বিষয় নাই। বিজেপিয়ে দেশ খন ধংস কৰিব ওলাইছে৷
এয়া এক ভয়ংকৰ আগজাননী বুলিও দোহাৰি গোস্বামীয়ে পুনৰ কয় যে কেন্দ্ৰীয় তথা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনত দিয়া মূল প্ৰতিশ্ৰুতিসমূহ উলাই কৰি নিজৰ স্বাৰ্থৰ বাবে কাম কৰি শ্ৰমিক, কৃষক, মেহনতী জনতাক সকলো সময়তে ৰাম টাঙোন সোধাইছে৷