
কাজিৰঙাঃ ভাৰত চৰকাৰে ৰাজ্যৰ ঐতিহ্যক্ষেত্ৰসমূহৰ চোৱা-চিতাৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে৷
অসমৰ ঐতিহ্যক্ষেত্ৰসমূহৰ দায়িত্ব কোনোপধ্যেই ব্যক্তিগত খণ্ডক প্ৰদান কৰা নহ’ব বুলি হুংকাৰ দি দল-সংগঠনসমূহে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথলৈ ওলাই আহিছে৷
ইফালে কৃষক নেতা অখিল গগৈয়ে বৃহস্পতিবাৰে সংবাদমেলত পৰ্যটন বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰাৰ পিছতে শুকুৰবাৰে কজিৰঙাৰ কঁহৰা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
অসমৰ আপুৰুগীয়া ঐতিহ্যসমূহ অসমীয়াৰ সম্পদ হৈ থকাৰ স্বাৰ্থত আৰু পৰ্যটন বিভাগে ব্যক্তিগত খণ্ডক চোৱা-চিতাৰ দায়িত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ১১ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰে৷
এই প্ৰতিবাদ কাৰ্যসূচীত কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলৰ বাহিৰেও স্থানীয় ৰাইজ আৰু কেইবাটাও স্থানীয় দল-সংগঠনে সহযোগ আগবঢ়ায়৷