ধুবুৰীঃ প্ৰতিবাদত কঁপিল ধুবুৰী জিলা৷ অসমবাসীৰ স্বাৰ্থ জড়িত বৃহত্তৰ নাগালিম চুক্তি বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ বেপাৰীপট্টীতো প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

আজি কৃষক মুক্তিৰ গৌৰীপুৰ সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বেপাৰীপট্টীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ 

নাগালিম চুক্তি বালিত কৰক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ৰাজনাথ সিং মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে আজি গৌৰীপুৰ উত্তাল কৰি তোলে কৃষক মুক্তিৰ বহু সদস্যই।

চৰকাৰে নাগালিম চুক্তি বাতিল নকৰিলে পৰৱৰ্তী সময়ত জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হোৱা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সংগঠনটোৱে চৰকাৰক সকীয়নি প্ৰদান কৰে৷