আমগুৰিঃ মঙলবাৰে বিয়লি আমগুৰি নগৰত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা অংকিতা দত্তৰ নেতৃত্বত, আমগুৰি যুৱ সমষ্টিৰ কংগ্ৰেছ, আমগুৰি ব্লক কংগ্ৰেছ, NSUI আদি বহুকেইটা সংগঠনৰ উদ্যোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

BJP নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱাৰ লগতে ৰহস্যজনকভাৱে পেট্ৰলজাতীয় সামগ্ৰীৰ ওপৰত GST বলবৎ নকৰি সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধোৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

আমগুৰি নগৰৰ মাজেৰে মটৰ চাইকেল, স্কুটি থেলি আনি নগৰৰ মূল চাৰিআলিত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।