
বিহালীঃ বিশ্বনাথ জিলাৰ বৰগাঁও চাহ-বাগিছাৰ লক্আউটৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো কাৰ্যকৰী নকৰাত চাহ-শ্ৰমিকসকলে বিজেপি চৰকাৰ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে আজি ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে, তিনি মাহ ধৰি বৰগাঁও চাহ-বাগিছাৰ মালিকে বে-আইনীভাৱে লক্আউট কৰি ৰাখিছে বৰগাঁও চাহ বাগিছা। যোৱা ১৫ ছেপ্তেম্বৰ তাৰিখে ৰাজ্যপালে বাগিছাৰ লকআউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে।
বিয়াগোম চৰকাৰৰ প্ৰশাসনক লকআউট বেন অৰ্ডাৰৰ নিৰ্দেশ দিয়াৰ পিছতো মালিক ৰাজীৱ প্ৰিঞ্চাই লক্আউট কৰি ৰাখিছে।
আজি বিশ্বনাথ জিলা প্ৰশাসনৰ হৈ বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত চৌধুৰী প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদী শ্ৰমিক সকলক কালী পুজাৰ আগতে বোনাছ দিয়া আৰু অতি শীঘ্ৰে বাগিছাৰ লকআউট প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।