শিমলুগুৰিঃ প্ৰতিবাদত কঁপিল শিমলুগুৰি৷ অসমবাসীৰ স্বাৰ্থ জড়িত বৃহত্তৰ নাগালিম চুক্তি বাতিলৰ দাবীত শিমলুগুৰিত আজি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ আজি ছাত্ৰ মুক্তিৰ শিমলুগুৰি সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিকৃতি দাহ কৰে৷ 

নাগালিম চুক্তি বালিত কৰক, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, ৰাজনাথ সিং মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে শিমলুগুৰি নগৰ উত্তাল কৰি তোলে ছাত্ৰ মুক্তিৰ বহু সদস্যই।

শিমলুগুৰি নগৰৰ ধোদৰ আলিত সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহঃ সম্পাদক আছিফ ইছলাম, শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন, সম্পাদক লক্ষী শইকীয়াৰ লগতে বহুকেইগৰাকী সদস্য উপস্থিত থাকে।

ইফালে নাগালিম চুক্তি বাতিল নকৰিলে পৰৱৰ্তী সময়ত জাতি-মাটি-ভেটিৰ কথা কৈ শাসনৰ গাদীত অধিষ্ঠিত হোৱা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধেও জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি সমিতিয়ে হুংকাৰ দিয়ে৷