লংকাঃ প্ৰতিবাদ হয়তো আপুনি বহু দেখিছে৷ প্ৰতিবাদৰ নামত দেখিছে জংগী আন্দোলন তথা পথ অৱৰোধ৷ পিছে এইবাৰ শ্ৰেণী বৰ্জন কাৰ্যসূচীৰে প্ৰতিবাদত নামিল লংকাৰ ফৰমাৰ পাৰ মধ্য-উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী৷ 

লংকাৰ ফৰমাৰ মধ্য-উচ্চ ইংৰাজী বিদ্যালয়ত মঙলবাৰৰ পৰা শ্ৰেণী বৰ্জন কৰি ছাত্ৰ ছাত্ৰী নামি পৰিল প্ৰতিবাদত। বিদ্যালয়ৰ অনিয়মীয়া পাঠদান আৰু দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ নহয়। প্ৰতিবাদৰ মূলতেই হৈছে বিদ্যালয়খনৰ বি এছ চি শিক্ষকজনৰ বদলিকৰণ। 

জানিব পৰা মতে, বিদ্যালয় খনৰ একমাত্ৰ বি এচ ছি শিক্ষক ৰফিকুল ইছলামক শিক্ষা বিভাগে বৰবহাৰ এখন বিদ্যালয়লৈ বদলিকৰণ কৰাত ফৰমাৰপাৰ মধ্য-উচ্চ ইংৰাজী বিদ্যালয়খনত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদান ব্যাহত হৈ পৰে।

যাৰ ফলশ্ৰুতিত উপায়ন্তৰ হৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ বিদ্যালয়খনৰ আচবাব লণ্ড ভণ্ড কৰাৰ লগতে হাতে হাতে প্লে কাৰ্ড লৈ বদলিকৰণ কৰা শিক্ষকগৰাকীক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনাৰ দাবীত উত্তাল প্ৰতিবাদ সাবস্ত্য কৰে।

বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ ওচৰত ছাত্ৰ-ছাত্ৰীসকলে বি এছ চি শিক্ষক ৰফিকুল ইছলামক পুনৰ এই বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে দাবী জনায়৷ অন্যাথা অনাগত দিনবোৰত এইদৰে শ্ৰেণী বৰ্জন কৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰে। 

এতিয়া বিদ্যালয় কৰ্তৃপক্ষ অথবা শিক্ষা বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ'ব।