
নামতিঃ যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখিছে তেনে সময়তে গ্ৰামাঞ্চলৰ বাট পথৰ জৰাজীর্ণ অৱস্থাই ৰাইজৰ চকু কপালত তুলিছে। তাৰ এক নগ্ন স্বৰূপ উদঙাই দিলে শিৱসাগৰ জিলাৰ ১০৩ নং অামগুৰি সমষ্টিৰ গৌৰীসাগৰ উন্নয়ণ খণ্ডৰ দেওৰজা গাঁও পঞ্চায়তৰ অৰ্ন্তগত ন-পাম কৈৱৰ্ত গাঁৱৰ ৰাইজে।
গাঁওখনৰ বিধ্বস্ত পথটোৱে অঞ্চলটোৰ ৰাইজক বাৰুকৈ জ্বলা-কলা খুৱাইছে। এই পথটোৱে ঐতিহাসিক ধোদৰ আলিৰ নামতি সমীপৰ চামগুৰিৰ পৰা প্ৰায় ২০ খন গাঁও সংযোগ কৰি গৌৰীসাগৰৰ ৩৭ নং ৰাষ্টীয় ঘাইপথক সংযোগ কৰিছে। পথটোৰে দৈনিক অহা যোৱা কৰে বহু শতাধিক ছাত্ৰ-ছাত্ৰী, যান-বাহন আৰু স্থানীয় লোক।
এই পথটোৰ মাজত থকা পুখুৰী সদৃশ বোকাময় গাঁতবোৰত বর্তমানলৈকে কেইবাটাও সৰু-বৰ দূঘর্টনা সংঘটিত হৈছে। গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দেওৰজা গাঁও পঞ্চায়ত এলেকাৰ এইপথটোত আজিলেকৈ যেন চকু নপৰিল দেওৰজা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বা উন্নয়ন খণ্ডৰ অভিযন্তাৰ।
পথটো পকীকৰণ কৰিবৰ বাবে গাঁওৰ ৰাইজে স্থানীয় বিধায়ক প্রদীপ হাজৰিকা আৰু পঞ্চায়তৰ সভানেত্ৰীক বাৰম্বাৰ আবেদন কৰিছিল যদিও পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। অৱশেষত অতিষ্ঠ স্থানীয় মহিলা আৰু কণ কণ ছাত্র-ছাত্রীয়ে পথৰ ওপৰতে তামোল পাণ অাগবঢ়াই ধূপ জ্বলাই সমূহীয়া প্ৰাথৰ্না কৰি প্রদীপ হাজৰিকাক অাহ্বান জনাই পথটোৰ মেৰামতিৰ বাবে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰিলে।
উল্লেখ্য যে, অনুসূচিত জাতিৰ সংৰক্ষিত অঞ্চলৰ অৰ্ন্তগত এই পথটোৰ দৃশ্যই চৰকাৰৰ অনুসূচিত জাতিৰ ওপৰত থকা গুৰুত্বক ভেঙুচালি কৰাৰ নগ্ন স্বৰূপ দাঙি ধৰিছে। গ্রামাঞ্চলৰ এইসকল ৰাইজৰ প্ৰার্থনা শুনি পৰিৱর্তনকামী সোনোৱাল চৰকাখনৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা বৰমুৰীয়া অথবা মিত্রজোঁটৰ বিধায়ক প্ৰদীপ হাজৰীকাৰ চকু মেল খাব নে নাই সেয়া পৰিৱৰ্তী সময়ত লক্ষণীয় হ’ব৷