বঢ়মপুৰঃ পৰিবৰ্তনকামী চৰকাৰৰ দিনৰ বাট-ঘাটে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক৷ জৰাজীৰ্ণ বাট-পথৰ ম্ৰামতিৰ দাবীত ৰাজ্যখনত এতিয়া প্ৰতিদিনেই সাব্যস্ত হৈছে প্ৰতিবাদ৷ বিভিন্ন দল-সংগঠন আৰু সাধাৰণ জনতাৰ প্ৰতিবাদতো গা নলৰা চৰকাৰখনৰ বিৰুদ্ধে এইবাৰ নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিল স্থানীয় মহিলা৷

চাৰি লেন যুক্ত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ কাম চলি থকাৰ পিছতে মেৰামতিৰ অভাৱত নগাঁৱৰ পৰা কলিয়াবৰ পৰ্য্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ জৰাজীৰ্ণ অৱস্থা হোৱাৰ বাবেই স্থানীয় প্ৰায় অৰ্ধ শতাধিক মহিলা ওলাই আহি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।

উল্লেখ্য যে, বিগত বহু কেইমাহ ধৰি পথচোৱাৰ বিধ্বস্ত ৰূপটোৰ বাবেই শতাধিক দুৰ্ঘটনাত পতিত হব লগীয়া হৈছে বহু লোক, জীয়াতু ভূগিবলগীয়া হৈছে লাখ-লাখ যাত্ৰী তথা পথচোৱাৰে পাৰহৈ যোৱা ৰোগী সকল। যাৰ বাবে আজি পথটোৰ পুনৰ মেৰামতিৰ দাবীত কাষৰি গাঁৱৰ মহিলা সকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

ইফালে এই অবৰোধৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ দুয়ো দিশে বহু সময় ধৰি ব্যাপক যানজঁটৰ সৃষ্টি হয়। শাসনাধিষ্ঠিত চৰকাৰ তথা গড়কাপ্তানি বিভাগৰ চৰম নিৰ্লিপ্ততাৰ অভিযোগ তুলিছে প্ৰতিবাদী মহিলা সকলে।

যদি অতি শীঘ্ৰে পথচোৱাৰ সঠিক মেৰামতি কৰি নিদিয়ে তেন্তে অনিৰ্দিষ্টকালিন ভাবে পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ অবৰোধ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী মহিলা সকলে।