ডিফুঃ অৱশেষত ১৮ সংগঠনে প্ৰত্যাহাৰ কৰিলে পথ অৱৰোধ কাৰ্যসূচী৷ নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত কৰিব বিছৰাৰ প্ৰতিবাদত তথা নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত শনিবাৰে পুৱাৰে পৰা পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডিফুত ১৮টা সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

ফলত তীব্ৰ যন-জোঁটৰ সৃষিট হৈছিল৷ কেন্দ্ৰীয় চৰকাৰ আৰু এনএচচিএন (আইএম)ৰ মাজত বৃহত্তৰ নাগালিম সন্দৰ্ভত হোৱা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট শীঘ্ৰেই ৰাজহুৱা কৰা আৰু বৃহত্তৰ নাগালিমত অসমৰ এক ইঞ্চি মাটিও এৰি নিদিয়াৰ হুংকাৰে প্ৰদান কৰি ১৮ সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও অৱশেষত প্ৰতিবাদ স্থগিত ঘোষণা কৰে সংগঠন কেইটাই৷ প্ৰায় ডেৰ ঘণ্টা সময় পথ অৱৰোধ কৰাৰ পিছতে শান্তিপূৰ্ণ ভাৱে সামৰণি পেলায় কাৰ্যসূচীৰ৷

কেন্দ্ৰীয় চৰকাৰ আৰু এনএছচিএম (আইএম)ৰ মাজত সম্পাদিত হোৱা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰা, কাৰ্বি আংলং জিলাৰ মাটি এৰি নিদিয়া, ২৪৪(ক) শীঘ্ৰে ৰূপায়ণ, বড়ো সকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়া, বিজেপিৰ কুটিল ষড়যন্ত্ৰ আৰু কাৰ্বি পৰিষদত নাগালিম সম্প্ৰসাৰণ সন্দৰ্ভত বিশেষ অধিবেশন অনুষ্ঠিত কৰা আদিৰ দাবীত কেএছএ, আছু, এজেৱাইচিপি, আগছু, এছৱাইচি, এছৱাইজে, কাৰ্বি আংলং বঙালী সমাজ আদিকে ধৰি ১৮টা সংগঠনে মাঞ্জাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

ডিফু, নগাঁও আৰু ডিমাপুৰলৈ যোৱা যান-বাহনৰ চলাচল বন্ধ হৈ পৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড, বেনাৰ ফেষ্টুন হাতত লৈ বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায়, হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নগাচুক্তি ৰাজহুৱা কৰক, তেজ দিম-মাটি নিদিওঁ, বিএলটি চুক্তি বাতিল কৰক, জাতি ধ্বংসী সিদ্ধান্ত বাতিল কৰক আদি শ্ল’গানেৰে মঞ্জাৰ আকাশ-বতাহ কঁপাই তোলে৷