
কোকৰাঝাৰঃ সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে ছাত্ৰ সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত মঙলবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ চাওতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা, বনাঞ্চলত বসবাস কৰা ভূমিপুত্ৰ চাওতালসকলক মাটিৰ পট্টা প্ৰদান কৰা আৰু চাওতালী মাতৃভাষাৰ শিক্ষক শীঘ্ৰে নিযুক্তি দিয়াৰ দাবীত পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈ অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীত প্ৰায় সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে।
পিকেটিংকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, এছ টি আমাক লাগিবই, আমাক মাটিৰ পট্টা প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী, ন’ এচ টি ন’ৰেষ্ট দি শ্ল’গানৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে৷ ধৰ্ণাৰ অন্তত সদৌ চাওতাল ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে৷
ইপিনে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি ছাইমন কিস্কুয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ চৰকাৰৰ দৰেই বিজেপি চৰকাৰেও চাওতাল সকলক প্ৰতাৰণাহে কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰে৷ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ক্ষমতাত আহিলেই জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত প্ৰতাৰণাহে কৰিলে বুলি মন্তব্যৰে ছাইমন কিস্কুৱে দেশৰ আন ৰাজ্যত চাওতাল জনগোষ্ঠীয়ে জনজাতিৰ মৰ্য্যদা লাভ কৰিছে যদিও অসমৰ ভূমিপুত্ৰ চাওতালসকলক অসমত চৰকাৰে জনজাতিৰ মৰ্যদাৰ পৰা বঞ্চিত কৰিছে বুলি মত প্ৰকাশ কৰিছে।
আদিবাসীসকলৰ প্ৰতি চৰকাৰী বঞ্চনাৰ ক্ষোভ ব্যক্ত কৰি ছাইমন কিস্কুৱে ২০১৮ চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত চাওতালসকলক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে নিজৰ স্থিতি স্পষ্ট নকৰিলে চাওতাল ছাত্ৰ সন্থাই অসম বন্ধ, ৰেল অৱৰোধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচীৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ প্ৰদান কৰিছে। আজিৰ ধৰ্ণা কাৰ্যসূচীত সন্থাৰ উপ-সভাপতি ৰিমন সোৰেন, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে আলবিন মূৰ্মু আৰু ইলিয়াচ হেমব্ৰম, চাওতালী ভাষা শিক্ষক সন্থাৰ সভাপতি জনাথন মূৰ্মু আৰু অসম চাওতাল সাহিত্য সভাৰ সভাপতি ৰবিন হেমব্ৰমকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।