চাবুৱাঃ কৃষক নেতা অখিল গগৈক সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড়ৰ আদালতত হাজিৰ কৰাই৷ আৰক্ষীয়ে কটকটীয়া নিৰপত্তাৰ মাজেৰে আদালতৰ পিছ দুৱাৰেৰ প্ৰবেশ কৰে অখিল গগৈক৷ আদালতে অখিল গগৈক ন্যায়িক জিম্মাত প্ৰেৰণ কৰাৰ লগতে অখিলৰ সৈতে গ্ৰেপ্তাৰ কৰা ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ নেতা প্ৰদীপ শালৈক ১০ হাজাৰ টকাৰ বণ্ডত জামিনত মুক্তি দিয়ে৷ অখিলক ন্যায়িক জিম্মাৰ প্ৰেৰণ কৰাৰ লগতে অহা ২৫ চেপ্তেম্বৰত পুনৰ হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে আদালতে৷

আনহাতে সোমবাৰে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ দাবীত ডিব্ৰুগড় কপাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড় চহৰীয়া সংহতি ভৱনৰ পৰা সমদল কৰি অহা প্ৰতিবাদকাৰী দলটোক জিলা প্ৰশাসনে মোতায়েন কৰি আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে বাধা প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি জিলা উপায়ুক্ত কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ, মহন্মদ ছাহজাহান হুছেইন, যুটীয়া সম্পাদক ধৈৰ্য কোৱৰৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে অখিল গগৈক মুক্তি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। কৃষক সংগঠনটোৱে লগতে ৰাজ্য চৰকাৰক সকীয়াই দি চৰকাৰে ২ কোটি হিন্দু বাংলাদেশীক সংস্থাপন দিলে ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হ’ব বুলি কয়।

ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ১৩ ছেপ্তেম্বৰত আটক হোৱাৰ পাছতে যোৱা ১৪ ছেপ্তেম্বৰত আদালতত হাজিৰ কৰোৱা হৈছিল কৃষক নেতা অখিল গগৈ আৰু প্ৰদীপ হালৈক। কিন্তু আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ ওকলি যোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী নেতাক কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে হাজিৰ কৰোৱা হয় ডিব্ৰুগড় আদালতত।

আদালতত আজি ডিব্ৰুগড় আৰক্ষীয়ে অখিল গগৈয়ে অস্ত্ৰ-শস্ত্ৰ মজুত ৰখাৰ অভিযোগ তুলি পুনৰ দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি আবেদন জনায়। কিন্তু অধিবক্তা অভিমুন্যু বৰুৱা, সমৰ সিং আৰু অজিত বৰগোঁহাইয়ে আপত্তি দৰ্শায় যুক্তি আগবঢ়োৱাৰ লগতে জামিনৰ বাবে আদালতত আবেদন জনায়। আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত অখিল গগৈক ২৫ ছেপ্তেম্বৰলৈকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে। ২৫ ছেপ্তেম্বৰ পিছত পুনৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়া হয়।