দুলিয়াজানঃ নগাঁও কাণ্ডৰ বিৰুদ্ধে আজিও উত্তাল ৰাজ্য৷ নগাঁও কাণ্ডৰ বিৰুদ্ধে দুলিয়াজানত প্ৰতিবাদ৷

চুতীয়া ছাত্ৰ সন্থা, টাই আহোম ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে দুলীয়াজানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

দুলীয়াজানৰ ৮টা সংগঠনৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত ৰাজ পথলৈ ওলাই আহে লোক৷ হাতে হাতে জোৰ লৈ অসম বিৰোধি শক্তিক হুছিয়াৰ হবলৈ সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে৷